ডাউনলোড
মোবাইল এপ

android apple
signal

June 16, 2025 12:49 PM | Sitaramon

printer

ক্ষুদ্র উদ্যোগীসকলক অধিক গুৰুত্ব দিয়াৰ বাবে মোডী চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলি নিৰ্মলা সীতাৰমণৰ প্ৰকাশ

ক্ষুদ্র উদ্যোগীসকলক অধিক গুৰুত্ব দিয়াৰ বাবে মোডী চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেওবাৰে প্ৰকাশ কৰে। লেহত অনুষ্ঠিত মুঠ প্রায় ৫ কোটি টকাৰ ঋণৰ অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচীত ভাষণ দি শ্ৰীমতী সীতাৰমণে আৰ্থিক অন্তৰ্ভুক্তি,আৰু লাডাখৰ অনন্য সাংস্কৃতিক পৰিচয়ক সম্প্ৰসাৰিত উন্নয়নমূলক কাঠামোত একত্ৰিত কৰাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই অনুষ্ঠানত মুদ্রা, পিএম নিয়োগ সৃষ্টি কার্যসূচী, ষ্টেণ্ড-আপ ইণ্ডিয়া আৰু পিএম বিশ্বকৰ্মাৰ দৰে গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় আঁচনিৰ অধীনত ৫.১৩ কোটিতকৈ অধিক ঋণ অনুমোদন প্ৰদান কৰা হয়। বিত্তমন্ত্ৰীয়ে আলোকপাত কৰে যে লাডাখত ৬৪ হাজাৰৰো অধিক মুদ্রা ঋণ আৰু ৬০০ৰো অধিক ষ্টেণ্ড-আপ ইণ্ডিয়া ঋণ অনুমোদন কৰা হৈছে, ত লেহ জিলাৰ যথেষ্ট অংশ আছে। তেওঁ লাডাখ চৰকাৰী ভাষা নিয়ন্ত্রণ আইনৰ অধীনত স্থানীয় ভাষাসমূহক স্বীকৃতি দিয়া আৰু পালি ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা আদিৰ দৰে শেহতীয়া পদক্ষেপসমূহৰ উদাহৰণ দাঙি ধৰে, যিয়ে অঞ্চলটোৰ চহকী ঐতিহ্যক প্রতিফলিত কৰে। কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোত শিক্ষাৰ সুবিধাৰ উন্নতিৰ বাবে প্ৰতিশ্রুতিবদ্ধ বুলিও বিত্ত মন্ত্রী গৰাকীয়ে আলোকপাত কৰে।

শ্ৰীমতী সীতাৰমণে ভাৰতনেট কাৰ্য্যসূচী মোবাইল নেটৱৰ্ক সম্প্ৰসাৰণ, আৰু সেউজ হাইড্রজেন প্রকল্পকে ধৰি আন্তঃগাঁথনি, ডিজিটেল সংযোগ, আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ৰূপৰেখাও এই অনুষ্ঠানত উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক