নতুন দিল্লীত সামগ্রী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টি পৰিষদৰ ৫৬ সংখ্যক বৈঠক চলি আছে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে এই দুদিনীয়া বৈঠকত অধ্যক্ষতা কৰিছে। বৈঠকত কৰৰ হাৰ যুক্তিসংগত কৰা আৰু নীতি নিয়মৰ সৰলীকৰণকে ধৰি দেশৰ ভৱিষৎ প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। কেন্দ্রীয় বিত্ত ৰাজ্যমন্ত্রী পংকজ চৌধাৰী, দিল্লী, গোৱা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, মেঘালয় আৰু ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে বৈঠকত অংশগ্ৰহণ কৰিছে। অৰুণাচল প্রদেশ, বিহাৰ, মধ্যপ্রদেশ আৰু তেলেংনাৰ উপমুখ্যমন্ত্রী, মণিপুৰৰ ৰাজ্যপাল আৰু কেইবাখনো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ বিত্তমন্ত্রীসকলে বৈঠকত ভাগ লৈছে।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অন্ধ্ৰপ্ৰদেশৰ বিত্তমন্ত্রী পায়াবুলা কেশবে কয় যে তেওঁৰ দলে কেন্দ্রীয় চৰকাৰে জি এছ টি খণ্ডৰ গুৰুত্বপূৰ্ণ সংস্কাৰৰ বাবে আগবঢ়োৱা প্রস্তাবসমূহৰ সমৰ্থন কৰিব। তেওঁ কয় যে অধিকাংশ সংস্কাৰে জনসাধাৰণক সহায় কৰিব।
উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহত স্বাধীনতা দিবস উপলক্ষে দিয়া ভাষণত সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰ পৰা দেশ কিদৰে উপকৃত হৈছে সেই বিষয়ে উল্লেখ কৰিছিল। শ্রীমোদীয়ে জি এছ টিৰ পৰৱৰ্তী সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াৰ ফলত সাধাৰণ লোক, কৃষক, মধ্যবিত্ত শ্ৰেণীৰ লোক আৰু ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগীসকলে সকাহ পাব বুলি উল্লেখ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ উদ্দেশ্যে বিগত মাহত মন্ত্রীগোটক জি এছ টিৰ বিশেষ সংস্কাৰৰ প্ৰস্তাৱ দিছিল।