ডাউনলোড
মোবাইল এপ

android apple
signal

April 7, 2025 8:02 PM | Sitaramon

printer

কাইলৈৰ পৰা ১৩ এপ্ৰিললৈকে নিৰ্মলা সীতাৰমনৰ ব্ৰিটেইন আৰু অষ্ট্ৰিয়া ভ্ৰমণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কাইলৈৰ পৰা ১৩ এপ্ৰিললৈকে ব্ৰিটেইন আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব৷ ভ্ৰমণকালত বিত্তমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। বিত্ত মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি শ্ৰীমতী সীতাৰমনে ত্ৰয়োদশ ভাৰত- ব্ৰিটেইন মন্ত্ৰী পৰ্যায়ৰ অৰ্থনৈতিক আৰু বিত্তীয় আলোচনাত অংশগ্রহণ কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে দুয়োখন দেশৰ বুদ্ধিজীৱি, বিনিয়োগকাৰী আৰু ব্যৱসায়ীক নেতাসকলৰ সৈতে আলোচনাত মিলিত হ’ব।

অধিক পঢ়ক

সকলো চাওক