জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্তৰ উদ্দেশ্যে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট SIT ৰ দুগৰাকী বিষয়া মুন্নাপ্রসাদ গুপ্তা আৰু তৰুণ গোবেল কালি গুৱাহাটীলৈ উভতি আহে। যোৱা ২০ অক্টোবৰত মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বত ছিংগাপুৰলৈ ৰাওনা হোৱা দুজনীয়া দলটোৱে চাৰিদিনীয়া তদন্ত সামৰি জুবিন গাৰ্গৰ মৃত্যুক লৈ বহু গুৰুত্বপূৰ্ণ তথ্য প্রমাণ লাভ কৰিবলৈ সমৰ্থ হোৱা বুলি সদৰি কৰিছে। SIT-ৰ দলটোৱে শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ অগ্রগতি সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীৰ সৈতে ডেৰঘণ্টীয়া আনুষ্ঠানিক বৈঠকত মিলিত হোৱাৰ লগতে ছিংগাপুৰ আৰক্ষীৰ সৈতে যৌথভাবে জুবিন গাৰ্গৰ মৃত্যুৰে সম্পৰ্ক থকা কেইবাটাও স্থান পৰিদৰ্শন কৰে। লগতে ছিংগাপুৰৰ নাগৰিকত্ব থকাৰ অজুহাতত অসমলৈ আহি জেৰাৰ সন্মুখীন হোৱাৰ পৰা বিৰত থকা নলবাৰীৰ প্ৰবাসী অসমীয়া ৱাজিদ আহমেদকো SITয়ে ছিংগাপুৰতে পৰোক্ষভাৱে জেৰা কৰে। SITৰ বিষয়া দুগৰাকীৰ উপস্থিতিত ছিংগাপুৰ আৰক্ষীয়ে বাজিদ আহমেদক জেৰা কৰে বুলি জানিব পৰা গৈছে। তিনিমাহৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে তদন্ত সম্পূৰ্ণ কৰি সকলো তথ্য ভাৰতীয় উচ্চায়ুক্তৰ সৈতে ভাগ বটোৱাৰা কৰিব বুলিও ছিংগাপুৰ আৰক্ষী বাহিনীৰ আয়ুক্ত হুং উইল টেকে SITৰ মুৰববী মুন্না প্রসাদ গুপ্তাক আশ্বাস প্রদান কৰে। তদন্ত সন্দৰ্ভত সবিশেষ জনাই SITৰ মুৰব্ববী শ্রী গুপ্তাই আজি চি আই ডিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে।
Site Admin | October 24, 2025 12:21 PM | SIT
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰত তদন্ত সামৰি দুগৰাকী বিষয়া গুৱাহাটীত উপস্থিত