জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দর্ভত এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত তেওঁলোকক হাফলং কাৰাগাৰলৈ নিয়া হয়। ব্যাপক নিৰাপত্তাৰ মাজত তেওঁলোকক কাৰাগাৰলৈ কঢ়িয়াই নিয়া গাড়ী কেইখন সন্ধিয়া ৬ বাজি ১৫ মিনিটত হাফলঙ উপ কাৰাগাৰত উপস্থিত হয়। তেওঁলোকক সুকলমে কাৰাগাৰৰ ভিতৰত প্ৰৱেশ কৰোৱা হৈছে।
ইয়াৰ আগতে ১৪ দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক আজি আগবেলা কামৰূপ মহানগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইপিনে, যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মাকে ধৰি পাঁচজনক বাক্সা জিলাৰ নিকাছিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত জিলাখনত কৰ্তন কৰা ম’বাইল ইণ্টাৰনেট সেবা আজিৰে পৰা বাহাল কৰা হৈছে। অৱশ্যে জিলাখনত সান্ধ্য আইন আজিও অব্যাহত আছে আৰু নিকাছি কাৰাগাৰৰ সন্মুখৰ পথেৰে সৰ্বসাধাৰণৰ আহ-যাহ নিষিদ্ধ কৰা হৈছে। অঞ্চলটোত অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু ৰেপিড এক্সন বাহিনীৰ লোকে অহর্নিশে পহৰা দি আছে।