ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 8, 2025 8:00 PM | siriya

printer

ছিৰিয়াৰ উপকূলীয় অঞ্চল ছিৰিয়া সেনা আৰু বাছাৰ আল আছাদৰ মাজত হোৱা যুদ্ধত ৫০০ৰো অধিক লোকৰ মৃত্যু

ছিৰিয়াৰ উপকূলীয় অঞ্চল লাটাকিয়াত আজি পুৱা চিৰিয়া সেনা আৰু উগ্রবাদী সংগঠন বাছাৰ আল আছাদৰ মাজত হোৱা যুদ্ধত ৫০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ব্রিটেইনত থকা ছিৰিয়াৰ মানৱ অধিকাৰ নিৰীক্ষণ সংস্থাৰ তথ্য অনুসৰি এই যুদ্ধত কমেও ১২০ জন বিদ্রোহীৰ লগতে ৯৩ জন চিৰিয়ান সেনা নিহত হৈছে। তদুপৰি এই সংঘর্ষত কমেও আন ৩৩০ জন লোক নিহত হৈছে। চিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্রই কয় যে চৰকাৰী বাহিনীয়ে স্থলভাগৰ ভিভিন্ন অঞ্চলত ক্ষীপ্ৰতাৰে নিয়ন্ত্রণ নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে জাবলেহ নামৰ অঞ্চলটোত প্রথমে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্রপাত হৈছিল পৰৱৰ্তী সময়ত এই সংঘর্ষ দেশখনৰ উপকূলীয় অঞ্চললৈ বিয়পি পৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।