ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি বিয়লি ভাৰতত উপস্থিত হ’ব। ভ্রমণকালত প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। অভ্যাগত প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ আগশাৰীৰ উদ্যোগপতি আৰু ব্যৱসায়ী সকলকো সাক্ষাৎ কৰাৰ কথা আছে। ভ্ৰমণকালত উভয় দেশৰ মাজত সামৰ্থ বিকাশ, মহাকাশ আৰু নৌ খণ্ডত সহযোগিতা, অসামৰিক বিমান পৰিবহণ, অর্থনীতি আদি বিভিন্ন ক্ষেত্ৰত ভালেকেইখন চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। ছিংগাপুৰত বিগত বৰ্ষৰ ছেপ্তেম্বৰত হোৱা আলোচনা মৰ্মে উভয় দেশৰ দ্বিপাক্ষিক সহযোগিতাক সর্বাত্মক কৌশলগত সহযোগিতালৈ উন্নীত কৰা হৈছিল। ভ্ৰমণকালত শ্ৰীৱ’ঙে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানকো সাক্ষাৎ কৰিব। যোৱা মাহত দেশ দুখনৰ মাজত মন্ত্ৰী পৰ্যায়ৰ তৃতীয়খন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। দেশখনৰ উপ-প্রধানমন্ত্রী গেন কিম য়ঙে বৈঠকৰ বাবে ভাৰতলৈ অহা ছিংগাপুৰৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছিল। ইপিনে বৈঠকত ভাৰতৰ হৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, বাণিজ্য মন্ত্ৰী পীযূষ গোৱেল আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ উপস্থিত আছিল। উল্লেখযোগ্য যে ছিংগাপুৰ হ’ল দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ ভিতৰত ভাৰতৰ সৰ্ববৃহৎ ব্যৱসায়িক সহযোগী। বিগত বিত্তীয় বৰ্ষত উভয় দেশৰ মাজত ৩ হাজাৰ ৪২৭ কোটি মার্কিন ডলাৰ পৰিমাণৰ ব্যৱসায় হৈছিল।
ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব
