ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটীৰ শিলসাঁকো বিলক প্রধানমন্ত্রী কৃষি জলসিঞ্চন যোজনাৰ অধীনত সামৰি ল’বলৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ গ্ৰহণ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ শিলসাঁকো বিলক পুনৰুজ্জীৱিত কৰা আৰু প্ৰদূষণমুক্ত কৰাৰ উদ্দেশ্যে প্রধানমন্ত্রী কৃষি জলসিঞ্চন যোজনাৰ অধীনত সামৰি লোৱাৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই প্ৰকল্পৰ বাবে ২৩৭ কোটি টকা ব্যয় কৰা হ’ব আৰু ইয়াৰে ২১৩ কোটি ৩০ লাখ টকা কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি এই পদক্ষেপৰ বাবে কেন্দ্রীয় মন্ত্ৰী চি আৰ পাৰ্টিললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, যে দখলৰ পৰা মুক্ত কৰাৰ দিশত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ পাছত কেন্দ্ৰীয় সাহায্যৰে এই আৰ্দ্ৰভূমিক কেন্দ্রীয় সাহায্যৰে নতুন ৰূপ প্ৰদান কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।