কাইলৈ শিল্পী দিৱস; গোলাঘাটত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় কাৰ্যসূচী

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শ্রদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি শিল্পী দিৱস উদযাপনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। এই অনুষ্ঠানতে বিশিষ্ট সংগীত শিল্পী ড° অনিমা চৌধুৰী আৰু মুকুল ৰাভাক চলিত বছৰৰ শিল্পী বঁটা প্ৰদান কৰা হ’ব। বিগত বৰ্ষৰ সন্মানীয় নটসূৰ্য্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ, সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰবীন অভিনেত্রী হীৰা নেওগলৈ আৰু জননেতা ভীমবৰ দেউৰী বঁটা বিশিষ্ট সমাজকর্মী জলেশ্বৰ ব্ৰহ্মলৈ আগবঢ়োৱা হ’ব। এই অনুষ্ঠানত বিত্ত, মহিলা আৰু শিশু কল্যান মন্ত্রী অজন্তা নেওগ, কৃষি মন্ত্রী অতুল বৰা আৰু সাংসদ কামাখ্যা প্রসাদ তাচাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। একেদৰে, সদৌ অসম ছাত্ৰ সন্থাই হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ হোজাইত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা আবক্ষ প্রতিমূর্তি উন্মোচন কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে জিলাভিত্তিত চিত্রাংকন প্রতিযোগিতা, সদৌ অসমভিত্তিক মুকলি কুইজ আৰু জ্যোতি সংগীত প্রতিযোগিতাৰ আয়োজন কৰা হয়। নিশাৰ ভাগত নাট্যানুষ্ঠানত ৰূপকোঁৱৰৰ কালজয়ী নাট ৰূপালীম পৰিৱেশন কৰা হ’ব। কাইলৈৰ অনুষ্ঠানত কেইবাগৰাকীও শিল্পীক সম্বৰ্ধনা জনোৱাৰ উপৰি মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে।