January 17, 2026 7:20 PM | Silpi divas

printer

আজি ৰাজ্যজুৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱস পালন

আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে পালন কৰা হৈছে। ১৯৫১ চনৰ ১৭ জানুৱাৰীত দেহাৱসান ঘটা সব্যসাচী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতিবছৰে আজিৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাজ্যৰ বিভিন্ন প্রান্তত আজি শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰৰ সোঁৱৰণত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শিল্পী দিৱসৰ পবিত্র ক্ষণত অসমীয়া সংস্কৃতিক নৱ চেতনাৰে জাতিষ্কাৰ কৰা সুন্দৰৰ পূজাৰী, মহান শিল্পী অসমীয়া কথাছবি পথদ্রষ্টা, স্বাধীনতা সংগ্রামী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ ৰূপকোঁৱৰৰ চিন্তা-চেতনাই আমাৰ সমাজ জীৱন আলোকিত কৰিব বুলি আশা প্রকাশ কৰে।

উত্তৰ গুৱাহাটীৰ শতদল শাখাৰ উদ্যোগত আজি পুৱাৰেপৰা দুদিনীয়াকৈ শিল্পী দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। পুৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি তর্পন কৰি বিশিষ্ট সাহিত্যিক মোহন শইকীয়াই সাহিত্য সভাৰ তৰফৰ পৰা বম্যৰত্মানামৰ এখন প্ৰাচীৰ পত্রিকা উন্মোচন কৰে। অনুষ্ঠানৰ দ্বিতীয় দিনা উত্তৰ গুৱাহাটীৰ ১০ গৰাকী শিল্পী-সাহিত্যিকক সম্বর্ধনা জনোৱা হব।

আনহাতে, বাক্সা জিলাৰ বাগানপাৰাত কালিৰেপৰা দুদিনীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্য্যসূচী অনুষ্ঠিত হৈছে। বাক্সা জিলা ছাত্র সন্থাৰ উদ্যোগত আৰু বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত এই কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে। অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক ৰমেশ কলিতাই দুদিনীয়াকৈ অনুষ্ঠিত হোৱা শিল্পী দিৱসৰ কালি মূল দুৱাৰ মুকলি কৰে। আজি হবলগীয়া মুকলি সভাত সদৌ অসম ছাত্র সভাৰ কেন্দ্রীয় বিষয়ববীয়াসকল উপস্থিত থাকে।

গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু আগিয়া শতদল শাখা সাহিত্য সভাৰ সহযোগত জিলাখনৰ উৰপদ বিলৰ বাকৰিত শিল্পী দিবস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে পতাকা উত্তোলন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন, মাল্যার্পন, সাহিত্যানুষ্ঠান, আৰু মুকলি সভা অনুষ্ঠিত হয়।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান ডিব্ৰুগড় জিলাৰ তামোলবাৰীত আজি বন্তি জ্বলাই শিল্পীগৰাকীৰ ৭৫ সংখ্যক মৃত্যু তিথি পালন কৰা হয়।

শিৱসাগৰ জিলাৰ প্ৰশাসনৰ উদ্যোগত আজি স্থানীয় জিলা পুথিভৰাল প্রাংগণত শিল্পী দিৱস ২০২৬ৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ছাত্র ছাত্রীসকলৰ মাজত তিনিটা শাখাত জ্যোতি সংগীত প্রতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মুকলি সভাৰো আয়োজন কৰা হৈছে।