কাছাৰ আৰক্ষীয়ে শিলচৰৰ ৰংপুৰত মাদক দ্রব্য বিৰোধী অভিযান চলাই বিশেষ সফলতা লাভ কৰিছে। আৰক্ষীয়ে আজি চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনত তালাচী চলাই ২১ হাজাৰ ৬০০ বটল নিষিদ্ধ কফছিৰাপ জব্দ কৰে। জব্দ কৰা কফছিৰাপখিনিৰ বজাৰ মূল্য ২ কোটি টকাৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। কাছাৰ আৰক্ষীয়ে এই সংক্ৰান্তত দুজন সৰবৰাহকাৰীকো আটক কৰে।
Site Admin | October 9, 2025 8:59 PM | silchar drugs seized
শিলচৰত মাদক দ্রব্যসহ দুজন সৰবৰাহকাৰীক আটক