ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 28, 2025 6:31 PM | Silchar

printer

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এজন কয়দীৰ মৃতদেহ আজি পুৱা উদ্ধাৰ

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এজন কয়দীৰ মৃতদেহ আজি পুৱা উদ্ধাৰ কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে পিন্টু ৰাজপুত নামৰ মৃত কয়দীজন কাছাৰৰ নতুন কাঞ্চনপুৰ গাঁৱৰ বাসিন্দা আছিল আৰু তেওঁ দুমাহ পূৰ্বে শিলচৰ আৰক্ষীয়ে গৰু চুৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। আজি পুৱা কাৰাগাৰ আৰক্ষীয়ে কয়দীজনৰ মৃতদেহ প্রত্যক্ষ কৰাৰ লগে লগে তাৰাপুৰ থানাক অৱগত কৰে। তাৰাপুৰ আৰক্ষীয়ে দণ্ডাধীশৰ সৈতে কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে।

 

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।