ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 10, 2024 7:05 PM | Sikkim cm

printer

দ্বিতীয়বাৰৰ বাবে ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে প্রেম সিং টামাঙৰ শপতগ্ৰহণ

ছিকিম ক্ৰান্তিকাৰী মৰ্চা এছ কে এমৰ নেতা প্রেম সিং টামাঙে আজি ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰে। তেওঁৰ লগতে ১১ গৰাকী কেবিনেট মন্ত্ৰীয়েও আজি শপত লয় । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্ৰীটামাং আৰু তেওঁৰ মন্ত্ৰী সভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। আজি শপত গ্ৰহণ কৰা কেবিনেট মন্ত্ৰীসকলৰ ভিতৰত চোনম লামা, অৰুণ কুমাৰ উপেটি, চমদুপ লেপচা, ভিমহাং লিম্বু অন্যতম। গেংটকৰ পালিজোৰ ষ্টেডিয়ামত আজি বিয়লি আয়োজিত শপতগ্রহণ অনুষ্ঠানত বৌদ্ধ ভিক্ষুসকলৰ প্ৰাৰ্থনা, খ্ৰীষ্টধর্মী সংগীত গোটৰ গীত পৰিৱেশন আৰু বেদৰ মন্ত্ৰ উচ্চাৰণে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে ছিকিম বিধানসভা নিৰ্বাচনত ৩২ খনৰ আসনৰ ভিতৰত ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ৩১ খনতেই জয়লাভ কৰিছিল। ছিকিম ডেম’ক্ৰেটিক ফ্ৰ’ণ্টে মাত্র এখন আসনহে লাভ কৰিবলৈ সমৰ্থ হয়।