ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 22, 2024 6:35 PM | Sibsagar

printer

শিৱসাগৰত অহা ২৫ অক্টোবৰৰ পৰা দুদিনীয়াকৈ হ’বলগীয়া নাক, কাণ আৰু ডিঙিৰ বিশেষজ্ঞ চিকিৎসকৰ বাৰ্ষিক সন্মিলনৰ প্ৰস্তুতি

শিৱসাগৰত অহা ২৫ অক্টোবৰৰ পৰা দুদিনীয়াকৈ হবলগীয়া নাক, কাণ আৰু ডিঙিৰ বিশেষজ্ঞ চিকিৎসকৰ বাৰ্ষিক সন্মিলনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। সন্মিলনখনত উত্তৰ-পূৰ্বাঞ্চলৰ ২৫০ গৰাকী প্রতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিছে। বার্ষিক অধিৱেশনখনত নাক, কাণ আৰু ডিঙিৰ নতুন চিকিৎসা সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হব। লগতে ভালেকেইগৰাকী সমল ব্যক্তিয়ে অধিৱেশনত গৱেষণা পত্র উপস্থাপন কৰিব। এই সন্মিলনতে চাৰিজন চিকিৎসকক জীৱনজোৰা সাধনাৰ বাবে বঁটা প্ৰদান কৰা হব।