জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ সমান্তৰালভাৱে সংঘটিত বৃহৎ বিত্তীয় খেলিমেলি সন্দৰ্ভতো তদন্ত অব্যাহত আছে। এই উদ্দেশ্যে কালি চি আই ডিৰ কাৰ্যালয়ত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ দল উপস্থিত হৈ শ্যামকানু মহন্তক দীঘলীয়া সময় জুৰি পুনৰ জেৰা কৰে। ই ডিৰ গুৱাহাটী মণ্ডলৰ বিষয়াই কালি নিশাৰ ভাগত চি আই ডিৰ কাৰ্যালয়লৈ গৈ এছ আই টিয়ে জব্দ কৰা তেওঁৰ অৰ্থনৈতিক অপৰাধ সংক্ৰান্তীয় নথি পত্ৰ পুনৰ পৰীক্ষা কৰে। এছ আই টিৰ অভিযানৰ সময়ত শ্যামকানু মহন্তৰ বাসগৃহৰ পৰা জব্দ কৰা তেওঁৰ ব্যৱসায় আৰু আৰ্থিক জালিয়াতি সম্পৰ্কীয় নথি পত্ৰৰ ভিত্তিত চি আই ডিয়ে পৃথকে গোচৰ ৰুজু কৰি তদন্ত চলাই আছে। এই গোচৰৰ নথিপত্ৰ আৰু তথ্যপাতি চি আই ডিয়ে ইতিমধ্যে আয়কৰ বিভাগ আৰু ই ডিলৈ প্ৰেৰণ কৰিছে। ইয়াৰ ভিত্তিতে ই ডিয়ে শ্যামকানু মহন্তৰ অৰ্থনৈতিক অপৰাধৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। শীঘ্ৰেই তেওঁৰ বিৰুদ্ধে বিধি বলৱৎকাৰী সঞ্চালকালয়ত গোচৰ ৰুজু কৰা হ’ব।
ইপিনে, ১৯ ছেপ্তেম্বৰৰ দিনা ঘটনাস্থলীত উপস্থিত থকা প্ৰবাসী অসমীয়া ৰূপকমল কলিতা কালি শেষ সময় উকলি যোৱাৰ পিছত উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয়। আৰক্ষীয়ে তেওঁক প্ৰায় ছঘণ্টা ধৰি সোধা-পোছা কৰাৰ অন্তত যাবলৈ দিয়ে। উল্লেখযোগ্য যে, এই গোচৰ সন্দৰ্ভত এছ আই টিয়ে ছিংগাপুৰত থকা ৮জন প্রবাসী অসমীয়াক ৬ অক্টোবৰত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিছিল। এইসকলৰ ভিতৰত কেৱল ৰূপকমল কলিতাহে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয়। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কালি পুনৰ সাংবাদিকৰ আগত এই ঘটনাৰ আঁৰৰ প্ৰকৃত সত্য জানিব বিচাৰে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰ দাবী কৰে ।