ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 21, 2025 12:48 PM | shooting

printer

আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপত ভাৰতৰ আদ্রিয়ান কৰ্মকাৰৰ ৰূপৰ পদক অৰ্জন

জাৰ্মানীৰ চুলত চলি থকা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপত ভাৰতৰ আদ্রিয়ান কৰ্মকাৰে ৫০ মিটাৰ ৰাইফল প্ৰ’ন শিতানত ৰূপৰ পদক অৰ্জন কৰি দেশৰ হৈ পদক লাভৰ অভিযান আৰম্ভ কৰিছে। ২০ বছৰীয়া খেলুৱৈগৰাকীয়ে কালি ৬২৬ দশমিক ৭ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে। এই শিতানত ছুইডেনৰ জেছপাৰ জোহানছনে ভাৰতীয় খেলুৱৈগৰাকীতকৈ মাত্ৰ দশমিক ৩ পইণ্ট অধিক লাভ কৰি সোণৰ পদক অৰ্জন কৰে। এই শিতানত আদ্রিয়ানৰ প্ৰদৰ্শনে ৰাষ্ট্ৰীয় জুনিয়ৰৰ নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে।