February 25, 2025 7:36 PM | shivrati

printer

ৰাজ্যৰ প্ৰান্তে প্রান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ ব্যাপক প্রস্তুতি

কাইলৈ মহা শিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। শিৱ মন্দিৰসমূহ পূজাৰ বাবে সজাই পৰাই তোলা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহা শিৱৰাত্ৰি পূজা আৰু মেলা আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলা প্ৰশাসনে এই পূজা আৰু মেলা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত শিৱৰাত্ৰি উদযাপন সমিতিয়ে চি চি টিভি কেমেৰা সংস্থাপন কৰিছে। আজি দিনৰ ভাগত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। কাইলৈ সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে ভাওনা প্ৰদৰ্শন কৰা হব। পৰহিলৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ দ্বাৰা প্রকাশিত স্মাৰক গ্ৰন্থ মুক্তিনাথ উন্মোচন কৰিব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। ২৮ ফেব্ৰুৱাৰীৰ সামৰণি অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থকাৰ কথা। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত শিৱপূজাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনৰ ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰত আজিৰে পৰা ৪ দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে শিৱৰাত্ৰি পালন কৰিবলৈ লোৱা হৈছে। আজি অধিবাসৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰবাদ অনুসৰি চান্দ সদাগৰৰ দিনৰ পৰা এই মন্দিৰত শিৱপূজা চলি আহিছে। জিলাখনৰ টাকাদিয়াবৰিত আজি নৱনিৰ্মিত হাব্রাঘাট শিৱমন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। কাইলৈৰ পৰা এই মন্দিৰত শিৱৰাত্ৰি আৰু মেলা অনুষ্ঠিত হব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।