প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শস্য বীমা দাবীৰ ধন পৰিশোধ হিচাপে দেশৰ ৩৫ লাখৰো অধিক কৃষকলৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে ৩ হাজাৰ ৯০০ কোটি টকা হস্তান্তৰ কৰা হয়। ইয়াৰ ভিতৰত ৰাজস্থানৰ ৯ লাখ ৭০ হাজাৰ কৃষকলৈ এহেজাৰ ৪০০ কোটি টকা হস্তান্তৰ কৰা হয়। ৰাজস্থানৰ ঝুনঝুনত আজি অনুষ্ঠিত এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শিৱৰাজ সিং চৌহানে এইদৰে কয়। এই অনুষ্ঠানত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী ভগীথ চৌধুৰীও উপস্থিত আছিল। অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় কৃষি মন্ত্ৰী শ্ৰীচৌহানে কয়, যে নৰেন্দ্ৰ মোদী চৰকাৰে শস্য বীমা আঁচনিৰ ব্যাপক সংস্কাৰ সাধন কৰিছে, যাৰ ফলত এতিয়া এখন গাঁৱত শস্যৰ ক্ষতিসাধন হ’লে কৃষকে বীমাৰ ধন লাভ কৰে। তেওঁ কয়, যে ২০১৬ চনৰ পৰা বৰ্তমানলৈ দেশৰ কৃষকসকলে শস্য বীমাৰ ৰূপত ২ লাখ ১২ হাজাৰ কোটি টকাৰো অধিক ধন লাভ কৰিছে। শ্রীচৌহানে কয়, যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক তেওঁলোকৰ আয় বৃদ্ধি কৰি সমৃদ্ধিশালী কৰা বাবে অবিৰতভাৱে সিদ্ধান্ত গ্ৰহণ কৰি আছে। অবৈধভাৱে সাৰ আৰু বীজ বিক্ৰী কৰাসকলক সকিয়াই দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে প্ৰতাৰক কৃষকসকলক ৰেহাই দিয়া নহ’ব। এনে লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে শীঘ্ৰে নতুন আইন প্রনয়নৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত ভাষণ দি ৰাজস্থানৰ মুখ্যমন্ত্রী ভজনলাল শর্মাই কৃষকসকলক বৈজ্ঞানিক কৃষি পদ্ধতি অৱলম্বন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে মাটি পৰীক্ষা কৰাৰ পাছতহে প্রয়োজন অনুযায়ী সাৰ প্ৰয়োগ কৰিব লাগে। এই অনুষ্ঠানত ৰাজস্থানৰ ঝুনঝুন, ছিকাৰ, জয়পুৰ, কাথপুতলি, বেৰু আৰু অন্যান্য জিলাৰ কৃষকসকলে অংশগ্ৰহণ কৰাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত বহুসংখ্যক কৃষকে ভার্চুৱেল মাধ্যমেৰে সংযুক্ত হয়। উল্লেখযোগ্য যে মধ্য প্ৰদেশৰ কৃষকসকললৈ এহেজাৰ ১৫৬ কোটি টকা ৰাজস্থানৰ কৃষকসকললৈ এহেজাৰ ১২১ কোটি, চত্তিশগড়ৰ কৃষকসকললৈ ১৫০ কোটি আৰু অন্যান্য ৰাজ্যৰ কৃষকসকললৈ ৭৭৩ কোটি টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হ’ব।
Site Admin | August 11, 2025 9:18 PM | 200 Crore Crop Insurance Claims to 30 Lakh Farmers | Shivraj Singh Chouhan 3
প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত দেশৰ ৩৫ লাখৰো অধিক কৃষকলৈ ৩,৯০০ কোটি টকা হস্তান্তৰ