মিজোৰামৰ কৃষি পদ্ধতি জনজাতীয় জীৱনশৈলীৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ আছে আৰু ৰাজ্যখনৰ উন্নয়নত কৃষি খণ্ডই বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যখনত উদ্যান শস্য মহাবিদ্যালয়ৰ বিদ্যায়তনিক চৌহদ ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মুকলি কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে তেতেলী, সুমথিৰা, কল, আম, মাটিকঁঠাল, বিলাহী, বেঙেনা আৰু লতাজাতীয় পাচলিকে ধৰি ভালেমান পাচলিৰ বাবে ৰাজ্যখনৰ জলবায়ু খুবেই অনুকূল। অৱশ্যে ৰাজ্যখনৰ কৃষি উৎপাদনৰ বাবে পৰ্যাপ্ত বৰষুণ হোৱা সত্ত্বেও মুঠ কৃষিভূমিৰ ৪ দশমিক ৫ শতাংশহে কৃষিৰ বাবে ব্যৱহাৰ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। তদুপৰি তৈল খেজুৰৰ উৎপাদন ৰাজ্যখনৰ কৃষি খণ্ডৰ বাবে উদ্ভাৱনীমূলক পদক্ষেপ হিচাপে বিবেচিত হৈছে। ২০২১-২২ বৰ্ষত ৰাজ্যখনৰ কৃষি আৰু সহযোগী খণ্ডসমূহে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ গৰিষ্ঠ অংশ অধিকাৰ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যখনৰ জলবায়ু কৃষিৰ বাবে অত্যন্ত অনুকূল বুলি উল্লেখ কৰি মিজোৰামত সুগন্ধিযুক্ত আৰু ঔষধী উদ্ভিদ যেনে, তুলসী, অশ্বগন্ধা আদি উৎপাদনৰ ক্ষেত্ৰত বিশেষ সম্ভাৱনা আছে বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে বাঁহ খেতিৰ ওপৰত নিৰ্ভৰ কৰি কৃষি উৎপাদন ব্যৱস্থাটো অধিক শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তদুপৰি প্ৰাকৃতিক সম্পদৰ উচিত আৰু বহনক্ষম ব্যৱহাৰেৰে হস্তশিল্প, জৈৱ ইন্ধনকে ধৰি বিভিন্ন সম্পদ সৃষ্টিৰ ওপৰতো তেওঁ মন্তব্য কৰে। পুষ্প উৎপাদন, মৌ পালন আৰু মৌ উৎপাদনে ৰাজ্যখনৰ অৰ্থনীতিলৈ বিশেষ বৰঙণি যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালডুঅ’মায়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ চাৰিদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কালি বিয়লি নগাঁও জিলাৰ কাঞ্চনজুৰিত উপস্থিত হয়। কৃষিমন্ত্রী অতুল বৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক পৰিয়ালসহ আদৰণি জনায়। এই ভ্রমণে অসমৰ কৃষি আৰু উদ্যানশস্য খণ্ডলৈ নতুন সম্ভাৱনা কঢ়িয়াই অনাৰ লগতে কৃষকসকলৰ বাবে বিকাশ আৰু সহযোগিতাৰ নতুন পথ প্রশস্ত কৰিব বুলি মন্ত্ৰী বৰাই আশা প্রকাশ কৰে। এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৃষি, উদ্যান শস্য, পশুপালন আৰু গ্ৰামোন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পর্যালোচনা কৰাৰ লগতে ভালেমান প্রকল্প উদ্বোধন কৰিব। তেওঁ ভালেসংখ্যক কৃষক তথা হিতাধিকাৰীৰ সৈতেও মত-বিনিময় কৰিব। মন্ত্ৰীগৰাকীয়ে ২৯ মে’ত দেশজুৰি আৰম্ভ হ’বলগীয়া বিকশিত কৃষি সংকল্প অভিযানত ৰাজ্যসমূহৰ সহযোগিতা সম্পর্কেও আলোচনা কৰিব। কাইলৈ মন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ কথা। পৰহিলৈ শ্ৰীচৌহানে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অংশ ল’ব। এই ভ্ৰমণকালত তেওঁ কামাখ্যা মন্দিৰো দৰ্শন কৰিব।
Site Admin | May 15, 2025 9:01 PM | shivraj sing chauhan assam atul bora
মিজোৰামৰ কৃষি পদ্ধতি জনজাতীয় জীৱনশৈলীৰ সৈতে ওতপ্রোতভাৱে জড়িত বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মন্তব্য