শ্বিলঙৰ ৰাজ্যিক অভিৱৰ্তন কেন্দ্ৰত সপ্তম এক্ট-ইষ্ট বাণিজ্য প্ৰদৰ্শনী

মেঘালয় চৰকাৰে ভাৰতীয় চেম্বাৰ অৱ কমাৰ্চৰ সহযোগত কালিৰে পৰা তিনিদিনীয়াকৈ শ্বিলঙৰ ৰাজ্যিক অভিৱৰ্তন কেন্দ্ৰত সপ্তম এক্ট-ইষ্ট বাণিজ্য প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই প্ৰদৰ্শনীৰ জৰিয়তে প্ৰযুক্তি, কৃষি, নিৰ্মাণ আৰু পৰ্যটনৰ দৰে উল্লেখযোগ্য খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি বি বি আই এন অর্থাৎ‍ বাংলাদেশ-ভূটান-ভাৰত-নেপাল আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ মাজত অর্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰদৰ্শনীত ফিলিপাইনছ, জার্মানী, ইণ্ডোনেছিয়া, কম্বোডিয়া, সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ, জাপান, বাংলাদেশ, ভূটান আৰু নেপালে অংশগ্ৰহণ কৰিছে। সপ্তম এক্ট-ইষ্ট বাণিজ্য প্রদর্শনীয়ে বাণিজ্য, বিনিয়োগ আৰু সীমান্ত অঞ্চলৰ সহযোগিতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি মেঘালয়ক দেশৰ ভিতৰতে আগশাৰীৰ বিনিয়োগ কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।