নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠানে পবিত্র সুশ্ৰুত জয়ন্তীৰ উপলক্ষে কাইলৈৰ পৰা তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ শল্যকন ২০২৫ৰ আয়োজন কৰিছে। প্ৰতি বছৰে ১৫ জুলাইত উদযাপন কৰা সুশ্ৰুত জয়ন্তীত অস্ত্ৰোপচাৰৰ পিতৃ কিংবদন্তি আচার্য্য সুশ্ৰুতক স্মৰণ কৰা হয়। এই আলোচনাচক্ৰত সাধাৰণ অস্ত্ৰোপচাৰ, এনোৰেক্টাল অস্ত্ৰোপচাৰ আৰু ইউৰ‘চাৰ্জিকেলকে ধৰি বিভিন্ন ধৰনৰ চিকিৎসা প্ৰণালীৰ প্ৰদৰ্শন কৰা হ‘ব।
আলোচনাচক্ৰৰ প্ৰথম দিনটোত দহটা সাধাৰণ এণ্ডোস্কোপিক লেপাৰোস্কোপিক অস্ত্ৰোপচাৰ কৰা হ‘ব। দ্বিতীয় দিনা ষোলটাকৈ এনোৰেক্টাল অস্ত্ৰোপচাৰৰ প্ৰদৰ্শন কৰা হ‘ব যিয়ে অংশগ্ৰহণকাৰীসকলক অস্ত্ৰোপচাৰৰ অনুশীলনসমূহ পর্যবেক্ষণ কৰা আৰু শিকাৰ সুযোগ প্ৰদান কৰিব। উদ্ভাৱন, একত্ৰীকৰণ আৰু অনুপ্ৰেৰণাক মুল মন্ত্ৰ হিচাপে লোৱা শল্যকন ২০২৫ত পৰম্পৰা আৰু প্ৰযুক্তিৰ সংগম হিচাপে উদযাপন কৰিবলৈ সাজু হৈছে। এই আলোচনাচক্ৰত ভাৰতৰ লগতে বিশ্বৰ 500ৰো অধিক পণ্ডিত, শল্যচিকিৎসক, গৱেষক আৰু শিক্ষাবিদে অংশগ্ৰহন কৰিব বুলি উদযাপন সমিতিৰ তৰফৰ পৰা জানিবলৈ দিছে। উল্লেখযোগ্য যে আয়ুষৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও গণপত্ৰাও যাদৱে ১৪ জুলাইৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।