ছক্‌ছগাম উপত্যাকাৰ নিৰ্মাণৰ তথ্য সলনিৰ বাবে চীনে চলোৱা অবৈধ প্ৰয়াসৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিবাদ

ভাৰতে ছক্‌ছগাম উপত্যাকাৰ নিৰ্মাণৰ কাম-কাজৰ তথ্য সলনি কৰাৰ বাবে চীনে চলোৱা অবৈধ প্ৰয়াসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণদ্বীপ জয়ছোৱালে কয় যে, ভাৰতে ছক্‌ছগাম উপত্যাকাক নিজৰ ক্ষেত্ৰ বুলি গণ্য কৰে আৰু ১৯৬৩ চনৰ তথাকথিত চীন-পাকিস্তানী সীমা চুক্তি কেতিয়াও মানি নলয়। পাকিস্তানে এই চুক্তিৰ জৰিয়তে অবৈধভাৱে অঞ্চলটোক চীনক অৰ্পণ কৰাৰ প্ৰয়াস চলাইছে। তেওঁ কয় যে, নতুন দিল্লী মহলে তৃণমূল পৰ্যায়ত তথ্য সলনি কৰাৰ অবৈধ প্ৰয়াসৰ বিৰুদ্ধে চীনৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। ভাৰতৰ নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে প্রয়োজনীয় পদক্ষেপ লোৱাৰ অধিকাৰ আছে বুলি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে। আন্তঃৰাষ্ট্ৰীয় ধর্মীয় স্বতন্ত্রতা সম্পৰ্কীয় আমেৰিকাৰ আয়োগৰ এখন প্ৰতিবেদনৰ সিদ্ধান্ত অগ্ৰাহ্য কৰি ভাৰতে আয়োগটোক ৰাজনৈতিক উদ্দেশ্যে প্রণোদিত পক্ষপাতদুষ্ট সংস্থা বুলি অভিহিত কৰিছে। শ্রী জয়ছোৱালে কয় যে, সংস্থাটো ভাৰতৰ বৈচিত্র্য, বহুত্ববাদী আৰু গণতান্ত্ৰি পৰম্পৰা বুজাৰ প্ৰয়াসত ব্যৰ্থ হৈছে। বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপৰ বাবে তেওঁলোকে চলোৱা প্ৰয়াস কেতিয়াও সফল নহয় বুলি শ্রী জয়ছোৱালে প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।