ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 25, 2025 12:36 PM | sewa saptah tinisukia

printer

সেৱা সপ্তাহৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলাত সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্যমেলা

সেৱা সপ্তাহৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলাত সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্যমেলাৰ প্ৰথমটো শিবিৰ কালি ডুমডুমাৰ ৰূপাইত অনুষ্ঠিত হয়। ৰূপাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত শিবিৰত শ্ৰম, চাহ শ্রমিক আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই অংশগ্ৰহণ কৰে। এই শিবিৰৰ দ্বাৰা জনসাধাৰণ বহু উপকৃত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিটোৰ সাংসদ প্ৰদান বৰুৱাইও অংশগ্রহণ কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন ভাৰত নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। তেওঁ স্বদেশী সামগ্ৰী ব্যৱহাৰৰ বাবে জনসাধাৰণক আহ্বান জনায়। এই শিবিৰত ১৮ বছৰ অনুৰ্ধৰ লোকৰ বাবে ৫৯ বিধ ৰোগৰ সকলো ধৰণৰ পৰীক্ষা-নিৰীক্ষা, বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ আৰু দৰৱ উপলব্ধ হ’ব। আনহাতে, প্রয়োজন সাপেক্ষে উন্নত চিকিৎসাৰ বাবে আন হাস্পতাললৈ প্ৰেৰণ কৰাৰো ব্যৱস্থা কৰা হ’ব। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। এই স্বাস্থ্য শিবিৰতেই বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ পৰীক্ষা কৰাৰ লগতে প্ৰমাণপত্ৰ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। এই শিবিৰত দুহেজাৰ ১৯৯ গৰাকী ৰোগীয়ে অংশগ্ৰহণ কৰে। ইয়াৰে ২৭১ গৰাকী উন্নত চিকিৎসাৰ বাবে আন হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷