September 25, 2025 12:32 PM

printer

সেৱা সপ্তাহৰ উপলক্ষে যক্ষ্মা ৰোগ নিৰ্মূলকৰণ অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত নিক্ষয় শিবিৰৰ আয়োজন

সেৱা সপ্তাহৰ অংশ হিচাপে যক্ষ্মা ৰোগ নিৰ্মূলকৰণ অভিযানৰ অংশ হিচাপে কালি ৰাজ্যৰ বিভিন্ন জিলাত নিক্ষয় শিবিৰৰ আয়োজন কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত কালি জিলাখনৰ বৈথালাংছ’ খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰ, বৰপক আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু ডংকামকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত যক্ষ্মা ৰোগী নাইবা তেওঁলোকৰ আত্মীয়ৰ মাজত নিক্ষয় সামগ্রী বিতৰণ কৰা হয় । এই সামগ্ৰীসমূহৰ ভিতৰত চাউল, ছয়াবিন, মিঠাতেল, দাইল আৰু অন্যান্য পুষ্টিকৰ খাদ্য আছে। সেৱা সপ্তাহৰ অংশ হিচাপে জিলাখনৰ প্ৰতিটো বিধানসভা সমষ্টিত স্বাস্থ্য মেলাৰো আয়োজন কৰা হৈছে।

ধেমাজি জিলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যক্ষ্মা মুক্ত ভাৰত অভিযানৰ অধীনত কালি যক্ষ্মা ৰোগীসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। চিলাপথাৰত আয়োজিত কাৰ্যসূচীত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই খাদ্য সামগ্রী বিতৰণ কৰে। চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ ৰোগীসকলৰ মাজত এই খাদ্য সামগ্রী বিতৰণ কৰা হয় ।