বিদ্যালয় শিক্ষা বিভাগে সেৱা সপ্তাহ উপলক্ষে অহা ১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি হ’বলগীয়া গছপুলি ৰোপণ কাৰ্যসূচীত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলকে ধৰি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ অংশগ্রহণ বাধ্যতামূলক কৰি এটা নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে ছমহীয়া পৰীক্ষা আৰম্ভ হোৱা বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক নকৰিবলৈ শিক্ষা বিভাগে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকক পত্রযোগে নিৰ্দেশ দিছে। নির্দেশটোত বিদ্যালয় কৰ্তৃপক্ষই ৰোপণ কৰা গছপুলিৰ ফটো এই সম্পৰ্কীয় প’ৰ্টেলত আপলোড কৰিব লাগিব বুলি কোৱা হৈছে। তদুপৰি বিদ্যালয় কৰ্তৃপক্ষক গছপুলি ৰোপণ কাৰ্যসূচীত দিন হাজিৰাত কাম কৰা লোককো নিয়োজিত কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। এই শ্ৰমিকসকলক বিদ্যালয়ৰ বছৰেকীয়া অনুদানৰ পৰা মজুৰি আদায়ৰ ব্যৱস্থা কৰা হ’ব। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি পৰহিৰ পৰা ৭ দিনীয়াকৈ সেৱাই সমৰ্পণ : সেৱা সপ্তাহ শীৰ্ষ কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ ২০ হাজাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰতিখনতে ৭৫টাকৈ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰে ৰাজ্যৰ বিভিন্ন বিভাগৰ মন্ত্ৰী, বিধায়ক আৰু বিটিআৰৰ বাহিৰে অন্য জিলাৰ আয়ুক্তসকলৰ সৈতে সেৱা সপ্তাহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিছে। এই কাৰ্যসূচীৰ অধীনত বৃহৎ স্বাস্থ্য শিবিৰ, ৰক্তদান শিবিৰ মুকলি কৰাৰ লগতে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমি পটা বিতৰণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হ’ব। ৰাজ্যজুৰি ৰূপায়ণ হ’বলগীয়া এই পদক্ষেপৰ সফলতা নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট বিভাগসমূহক নির্দেশ দিছে।
Site Admin | September 15, 2025 11:38 AM | sewa saptah 19 september assam school
সেৱা সপ্তাহ উপলক্ষে ১৯ ছেপ্টেম্বৰত গছপুলি ৰোপণত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ, সদস্য, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ অংশগ্রহণ বাধ্যতামূলক
