ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত অহা ১৭ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি সেৱা সপ্তাহ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত অহা ১৭ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি সেৱা সপ্তাহ আৰম্ভ হ’ব। সেৱা সপ্তাহৰ সৈতে সংগতি ৰাখি ১৮ ছেপ্টেম্বৰত সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব। ২০ ছেপ্টেম্বৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৭৫টা ৰক্তদান শিবিৰৰ আয়োজন কৰা হ’ব আৰু ২২ ছেপ্টেম্বৰত যক্ষ্মা ৰোগীসকলৰ বাবে নিশ্চয় মিত্ৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। স্বাস্থ্য মন্ত্রী অশোক সিংহালে কালি বশিষ্ঠত অনুষ্ঠিত এখন বৈঠকত ১৮ ছেপ্টেম্বৰত ৰাজ্যজুৰি হ’বলগীয়া স্বাস্থ্য শিবিৰৰ প্ৰস্তুতিৰ বুজ লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক সংবেদশীল হ’বলৈ আহ্বান জনায়। তেওঁ কয়, যে স্বাস্থ্য বিভাগে প্ৰতিটো খোজতে মানুহৰ জীৱনৰ কথা, সামাজিক প্ৰত্যাহ্বান আৰু সামাজিক ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি যাব লাগিব। স্বাস্থ্য শিবিৰত জনসাধাৰণে স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ পৰা সামাগ্রিক স্বাস্থ্য পৰামৰ্শ আৰু ৫০ বিধতকৈও অধিক ৰোগৰ পৰীক্ষাৰ সুবিধা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে শিবিৰসমূহত জনসাধাৰণে প্ৰয়োজন অনুসৰি বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ আৰু বিনামূলীয়া ঔষধো লাভ কৰিব।