সেৱা সপ্তাহৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি ১৮ বছৰ তলৰ ল’ৰা-ছোৱালীৰ বাবে বৃহৎ চিকিৎসা শিবিৰ মুকলি কৰে। এই শিবিৰত ৫০টাতকৈ অধিক ৰোগৰ বিনামূলীয়া চিনাক্তকৰণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ আটাইকেইটা বিধানসভা সমষ্টিতে এই শিবিৰ মুকলি কৰা হৈছে। চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়ত আজি আয়োজিত এই কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। তেওঁ কয়, যে বৃহৎ স্বাস্থ্য শিবিৰত প্ৰদান কৰা স্বাস্থ্য সেৱাৰ সুবিধাই মহিলা আৰু শিশুসকলকে ধৰি সৰ্বস্তৰৰ ৰাইজক উপকৃত কৰিছে।
হোজাই জিলাতো আজি শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্য মেলা অনুষ্ঠিত হয়। গোৱালপাৰা জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত আজি দুধনৈত এই শিবিৰ মুকলি কৰা হয়। এই শিবিৰত দুধনৈ সমষ্টিৰ ভালেসংখ্যক শিশু, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। এই শিবিৰত নাক, কান আৰু ডিঙিৰ ৰোগ, চৰ্মৰোগ, মানসিক ৰোগকে ধৰি কেইবাবিধো ৰোগ চিনাক্ত কৰি ঔষধ বিতৰণ কৰা হয়।