সেৱা সপ্তাহৰ অংশ হিচাপে ৰাজ্যৰ ভিন ভিন ঠাইত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈছে। ৰাজ্য চৰকাৰে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ১৮ বছৰ তলৰ ল‘ৰা-ছোৱালীৰ বাবে চিকিৎসা শিবিৰ মুকলি কৰিছে। এই শিবিৰত ৫০টাতকৈ অধিক ৰোগৰ বিনামূলীয়া চিনাক্তকৰণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ আটাইকেইটা বিধানসভা সমষ্টিতে কালি এই শিবিৰ মুকলি কৰা হয়। ডিব্ৰুগড়ৰ চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। শ্ৰী সোণোৱালে স্বাস্থ্য শিবিৰ পৰিদৰ্শন কৰি স্বাস্থ্য কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ অন্যান্য সুবিধাসমূহ থকা এই স্বাস্থ্য শিবিৰে সকলো স্তৰৰ ৰাইজক, বিশেষকৈ মহিলা আৰু শিশুসকলক উপকৃত কৰিব বুলি শ্ৰী সোণোৱালে প্ৰকাশ কৰে।
সেৱা পৰ্বৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ খোৱাং মহাবিদ্যালয়ত কালি ৰক্তদান শিবিৰ তথা এই সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়। এই শিবিৰত শিক্ষক, শিক্ষাৰ্থী আৰু অন্যান্য কৰ্মচাৰীকে ধৰি ৫২ জন লোকে ৰক্তদান কৰে। শিৱসাগৰ জিলাত বিধানসভা সমষ্টিভিত্তিত বৃহৎ স্বাস্থ্য মেলাৰ আয়োজন সন্দৰ্ভত কালি জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে এখন সংবাদমেলৰ আয়োজন কৰে। জিলাখনৰ ডিমৌ ৰাজহুৱা খেল-পথাৰত আজি আৰু নাজিৰাৰ চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা ২৬ ছেপ্তেম্বৰত এই শিবিৰৰ আয়োজন কৰা হৈছে বুলি যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে গৌৰসাগৰ উচ্চতৰ মাধ্যমিক ঔদ্যোগিক প্ৰতিষ্ঠানত চাৰি অক্টোবৰত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ‘ব।
হোজাই জিলাতো কালি শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্য মেলা অনুষ্ঠিত হয়।