ডাউনলোড
মোবাইল এপ

android apple
signal

September 18, 2025 8:45 PM | Sewa Parv

printer

সেৱা পৰ্ব’ত আজি মোদী চৰকাৰে কৃষি খণ্ডত কৰা পৰিৱৰ্তনৰ সূচনা আৰু কৃষকসকলৰ সবলীকৰণ সন্দৰ্ভত প্ৰতিবেদন

সেৱা আৰু সু-শাসনৰ মন্ত্ৰৰে পৰিচালিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। সেৱা পৰ্ব প্রতিবেদনলানিত আজি মোদী চৰকাৰে কৃষি খণ্ডত কিদৰে পৰিৱৰ্তনৰ সূচনা কৰিছে আৰু কৃষকসকলক সৱল কৰি তুলিছে সেই বিষয়ত প্রতিবেদন :

 কৃষি দেশৰ অৰ্থব্যৱস্থা আৰু সংস্কৃতিৰ ৰাজহাড় স্বৰূপ। দেশৰ এতিয়াও লাখ লাখ পৰিয়ালে কৃষিকে মূল জীৱিকা হিচাপে লৈ বৰ্তি আছে। ভাৰত স্বাধীনতা লাভৰ অমৃত কালত প্ৰৱেশ কৰাৰ সময়ত সৱল খেতিয়কসকলে দেশক খাদ্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ পৰা অগ্ৰণী স্থিতিলৈ লৈ যাবলৈ সাজু হৈছে। বিগত এঘাৰ বছৰত কৃষি মন্ত্ৰালয়ৰ বাবে বাজেটত আৱণ্টিত ধন প্ৰায় ২২ হাজাৰ কোটিৰ পৰা ১ লাখ ৩৭ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলি স্বাধীনতা দিৱসত ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত খেতিয়কসকল চৰকাৰৰ বাবে বৃহৎ অগ্রাধিকাৰৰ বিষয় বুলি আৰু খেতিয়কৰ স্বাৰ্থৰ সৈতে কোনো কাৰণতে আপোচ কৰা নহয় বুলি উল্লেখ কৰিছে। চৰকাৰে কৃষকৰ স্বাৰ্থ সুনিশ্চিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি বিগত এঘাৰ বছৰত খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য ৮১ শতাংশৰ পৰা ২২৬ শতাংশলৈ বৃদ্ধি কৰিছে। একেদৰে খেতিয়কসকলৰ বিত্তীয় সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি মুকলি কৰিছে। এই আঁচনিৰ অধীনত যোৱা ছবছৰত ৩ লাখ ৯০ হাজাৰ কোটিৰো অধিক টকা বিতৰণ কৰা হৈছে। ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ মান্ধন যোজনাৰ অধীনত মাহিলি ৩ হাজাৰ টকাৰ পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় ২৫ লাখ খেতিয়কে এই আঁচনিত নাম পঞ্জীয়ন কৰিছে । খেতিয়কসকলৰ বাবে ঋণ, সূলভ আৰু সহজলভ্য কৰি তোলাৰ উদ্দেশ্যে কিষাণ ক্রেডিট কার্ড আঁচনিৰ অধীনত প্ৰদান কৰা ঋণৰ সৰ্বোচ্চ সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। এই আঁচনিৰ অধীনত বৰ্তমানলৈকে ১০ লাখ কোটি টকা প্ৰদান কৰা হৈছে। কৃষক কল্যান আৰু খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে প্ৰৱৰ্তন কৰা আন কেইখনমান লেখতলবলগীয়া আঁচনিৰ ভিতৰত প্ৰধানমন্ত্রী ফচল বীমা যোজনা, প্রধানমন্ত্রী কৃষি জলসিঞ্চন যোজনা, কৃষি আন্তঃগাথনি পুঁজি, প্রধানমন্ত্রী কিষাণ সমৃদ্ধি কেন্দ্ৰ, ৰাষ্ট্ৰীয় কৃষি বিপনী ই-নাম অন্যতম।