ডাউনলোড
মোবাইল এপ

android apple
signal

নাগালেণ্ডত কেইবাদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চলত ব্যাপক ভূমিস্খলন, যাতায়াত ব্যাহত

কেইবাদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত নাগালেণ্ডৰ বিভিন্ন অঞ্চলত ব্যাপক ভূমিস্খলন হৈছে। যোৱা দেওবাৰে ৰাজধানী কোহিমাৰ ফেচামাৰ পৰা কিছামা-কিগ্‌ৱেমা সংযোগী বিকল্প পথটোত হোৱা ভূমিস্খলনৰ ফলত পথ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে। ক্ষতিগ্রস্ত পথছোৱাত মেৰামতিৰ কাম চলি আছে। এই পথছোৱাৰে বিগত মাহত কিছামাৰ সমীপৰ দুই নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ পাছত এই পথটোৰে লঘু যান-বাহনৰ যাতায়াত সম্পন্ন হৈছিল। এই ক্ষতিগ্ৰস্ত ঘাইপথটোৰে আংক্ষিকভাৱে মেৰামতি কৰি কোহিমাক মণিপুৰৰ সৈতে সংযোগ কৰা হৈছে। মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই উপ-মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙৰ সৈতে কালি ভূমিস্খলন প্ৰৱণ এলেকা পৰিদৰ্শন কৰে। তেওঁ কয়, যে ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাবে পথ যাতায়াত ব্যৱস্থা স্বাভাৱিক কৰি তুলিবলৈ সকলোধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।