ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 1, 2024 7:00 PM | seniour citizen day

printer

ৰাজ্যৰ কেইবাখন জিলাত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ

আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ কেইবাখন জিলাতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত পবিতৰা হাটত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ আয়ুক্তই মৰিগাঁও নগৰৰ একাংশ জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰে । চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা মহিলা আৰু শিশু বিকাশ বিভাগ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত জিলা পৰ্যায়ত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয়। জিলা আয়ুক্তৰ কার্যালয়ত আয়োজিত এই অনুষ্ঠানত আয়ুক্তগৰাকীয়ে উপস্থিত জ্যেষ্ঠ নাগৰিকসকলক এই বিশেষ দিনটোৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকে সন্মুখীন হোৱা অসুবিধা আৰু সমস্যাসমূহৰ বিষয়ে বিস্তৃতভাৱে বুজ লৈ সেই সমূহৰ সমাধানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰে। আনহাতে তিনিচুকীয়া জিলাত বয়োজ্যেষ্ঠ নাগৰিক কল্যাণ সংস্থাৰ উদ্যোগত স্থানীয় পেন্সনাৰ ভৱনত অঞ্চলটোৰ তিনিগৰাকী সন্মানীয় জ্যেষ্ঠ নাগৰিক সমাজকৰ্মী ডাº নৰেশ্বৰ দত্ত, ডাº টংকেশ্বৰ তামুলী আৰু অপর্ণা দেৱীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত বন্যপ্ৰাণী আৰু পৰিৱেশ- সংকট আৰু সমাধান বিষয়ক এখন আলোচনা সভাৰো আয়োজন কৰা হয়।