দক্ষিণ এছিয় ছিনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপ ছাফ গেমচ আজিৰে পৰা ৰাচীৰ বিৰছা মুণ্ডা ষ্টেডিয়ামত অনুষ্ঠিত হ‘ব। আয়োজক দেশ ভাৰতত চতুর্থ সংস্কৰণৰ এই প্ৰতিযোগিতা ১৫ বছৰ বিৰতিৰ মূৰত অনুষ্ঠিত হ‘ব। ইয়াৰ পূৰ্বে ২০০৮ চনত কোচিত এই প্রতিযোগিতা অনুষ্ঠিত হৈছিল। তিনিদিনীয়া এই প্রতিযোগিতাখন দক্ষিণ এছিয় এথলেটিক্স ফেদাৰেচনে আয়োজন কৰিছে। ভাৰত, শ্রীলংকা, বাংলাদেশ, নেপাল, ভুটান আৰু মালদ্বীপৰ ২০৬ জন খেলুৱৈয়ে ৩৭টা পদকৰ বাবে প্রতিযোগিতাত অৱতীৰ্ণ হ‘ব। পাকিস্তানক এই প্রতিযোগিতালৈ আমন্ত্রণ জনোৱা হৈছিল যদিও দেশখনে ইয়াত অংশগ্রহণ নকৰে। 4 x 400 মিটাৰ মহিলাৰ ৰিলে দলক নেতৃত্ব দিয়া এম আৰ পুভাম্মাকে ধৰি কেইবাগৰাকীও প্রতিষ্ঠিত খেলুৱৈ ভাৰতীয় দলটোত আছে। ৭৩ জনীয়া ভাৰতীয় দলটোত অন্তর্ভুক্ত ছিমা, প্ৰণৱ গৌৰৱ আৰু সমৰদ্বীপ গিলৰ পৰা পদক জয়ৰ আশা কৰা হৈছে।
Site Admin | October 24, 2025 12:54 PM | senior athelatics
আজিৰে পৰা ৰাচীৰ বিৰছা মুণ্ডা ষ্টেডিয়ামত দক্ষিণ এছিয় ছিনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপ অনুষ্ঠিত