ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে বৰ্তমানলৈকে ২৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন

♦ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮টা সংসদীয় সমষ্টিৰ বাবে এই পৰ্যায়ত অহা ২৬ এপ্ৰিলত ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই সমষ্টিসমূহৰ ভিতৰত অসমৰ দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিও আছে।

ৰাজ্যত এই পর্যন্ত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। আই এন ডি আই মিত্ৰজোঁটৰ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্রার্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে আজি কৰিমগঞ্জ সমষ্টিৰ বাবে মনোনয়ন পত্র দাখিল কৰিব।

ইপিনে নগাঁও সমষ্টিৰ পৰা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰা আৰু দৰং-ওদালগুৰি সমষ্টিত দিলীপ শ‍ইকীয়ায়ো আজি মনোনয়ন পত্ৰ দাখিল কৰিব। উল্লেখযোগ্য যে কাইলৈ মনোনয়নপত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু ৮ এপ্রিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন।