চাংহাইৰ সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত সদস্য ৰাষ্ট্ৰসমূহে কোনো যুটীয়া বিবৃতি গ্ৰহণ কৰিব নোৱাৰিলে

চাংহাইৰ সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰা সদস্য ৰাষ্ট্ৰসমূহে কোনো যুটীয়া বিবৃতি গ্ৰহণ কৰিব নোৱাৰিলে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কেইখনমান সদস্য ৰাষ্ট্ৰই কেইবাটাও বিষয় সন্দৰ্ভত ঐকমত্যত উপনীত নোহোৱাৰ ফলত বৈঠকৰ দলিলত চূড়ান্ত সিদ্ধান্ত ল’ব পৰা নহ’ল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এছ চি অ’ৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে বুলি আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে নতুন দিল্লীত প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতে এই দলিলত সন্ত্ৰাসবাদৰ বিয়টোৱে স্থান লাভ কৰাটো বিচাৰিছিল যদিও সেয়া হৈ নুঠিল। তেওঁ কয়, যে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী সিঙে সদস্য ৰাষ্ট্ৰসমূহক সকলোধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে যুঁজ দিবলৈ আহ্বান জনায়। সিন্ধু অভিযানৰ বিষয়ে শ্রী জয়ছোৱালে কয়, যে ইয়াৰ জৰিয়তে ইৰানৰ পৰা ৪২৬ গৰাকী আৰু ইজৰাইলৰ পৰা ৮১৮ গৰাকী ভাৰতীয়ক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। ভাৰতে ইৰান চৰকাৰক তেওঁলোকৰ বিমান পথ মুকলি কৰি দিয়াৰ বাবে ধন্যবাদ জনোৱা বুলি জয়ছোৱালে উল্লেখ কৰে। ভাৰত আৰু কানাডাৰ সম্পৰ্ক সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে আলবেৰতাৰ কানানাস্কিছত হোৱা জি-চেভেন সন্মিলনৰ সুযোগতে কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কাৰ্নিৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকৰ বিষয়ে উল্লেখ কৰে। এই বৈঠকৰ সময়ছোৱাত উভয়পক্ষই তেওঁলোকৰ সম্পৰ্কৰ স্থায়িত্ব ৰক্ষাৰ বাবে গঠনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰা বুলিও তেওঁ কয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।