ৰাজ্যৰ চৰকাৰী, স্বীকৃতিপ্রাপ্ত অথবা প্রাদেশিকীকৃত মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত অধ্যয়নৰত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ২০২৫-২৬ বৰ্ষৰ প্ৰাক-প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰৰ আহ্বান জনোৱা হৈছে। ভৈয়াম জনজাতি পৰিক্ৰমা সঞ্চালকালয়ে এখন জাননীযোগে আবেদন পত্ৰ আহ্বানৰ কথা প্ৰকাশ কৰিছে। পিতৃ- মাতৃ বা অভিভাৱকৰ বাৰ্ষিক আয় ৫০ হাজাৰ টকাৰ কম হোৱা ছাত্ৰ-ছাত্ৰীসকলে এই বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব। ছাত্ৰ- ছাত্রীসকলে www.directoratetribalaffairsplain.assam.gov.in-ৰ জৰিয়তে আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব আৰু অহা ৩০ ডিচেম্বৰৰ ভিতৰত আবেদনপত্ৰসমূহ নিজ নিজ শিক্ষানুষ্ঠানত জমা দিব লাগিব। অহতাসম্পন্ন ছাত্র-ছাত্রীসকলে বছৰি এহেজাৰ ২০০ টকাকৈ জলপানি লাভ কৰিব।
Site Admin | December 22, 2025 1:11 PM | school scholarship
ৰাজ্যৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ২০২৫-২৬ বৰ্ষৰ প্ৰাক-প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰ আহ্বান