অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ পৰিৱৰ্তে ডিটেনচন শিবিৰত ৰখা বিষয়ক লৈ উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰক জবাবদিহি কৰিছে। ন্যায়ালয়ে বিদেশী আইন ১৯৪৬ মতে অবৈধ বিদেশীৰ চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত থকা স্পষ্ট ব্যৱস্থা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২০০৯ চনতে নির্দেশনা জাৰী কৰাৰ পাছতো আইনীভাৱে চিনাক্ত অবৈধ বিদেশী তথা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ নকৰি কিয় অনিৰ্দিষ্ট সময়লৈ ডিটেনচন শিবিৰত ৰখা হৈছে সেই সন্দৰ্ভত ব্যাখ্যা বিচাৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ অবৈধ বিদেশীৰ বহিষ্কাৰ সম্পৰ্কীয় ২০০৯ চনৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনোৱা এখন আৱেদন সন্দৰ্ভত শুণানি গ্ৰহণৰ পাছত ন্যায়াধীশ জে বি পৰ্ডিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰীপীঠে চিনাক্ত কৰা বিদেশীৰ বহিষ্কাৰত হোৱা বিলম্বক লৈ কেন্দ্ৰীয় চৰকাৰক পুনৰ প্ৰশ্ন কৰে। বিদেশী আইনৰ অধীনত দোষী সাব্যস্ত কৰা তথা শাস্তিৰ ম্যাদ অন্ত পৰা অনুপ্ৰৱেশকাৰীৰ সংখ্যা তথা তেওঁলোক কোন কোন ডিটেনচন শিবিৰ আৰু সংশোধন কেন্দ্ৰত আবদ্ধ হৈ আছে তাৰ তথ্য দাখিল কৰিবলৈও বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ে গোৱালপাৰাৰ মাটিয়াৰ বিদেশী ডিটেনচন শিবিৰত চিনাক্ত হোৱা অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰৰ পৰিৱৰ্তে আবদ্ধ কৰি ৰখা প্ৰসংগত যোৱা ২২ ডিচেম্বৰত অসম চৰকাৰক কৈফিয়ৎ তলব কৰিছিল। ডিটেনচন শিবিৰত আবদ্ধ কৰি ৰখা ঘোষিত বিদেশীক বহিষ্কাৰ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত সৱিশেষ জনাবলৈ উচ্চতম ন্যায়ালয়ে অসমৰ মুখ্য সচিবক নিৰ্দেশ দিছিল।
Site Admin | February 4, 2025 1:07 PM | sc on govt detention camp
অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ পৰিৱৰ্তে ডিটেনচন শিবিৰত ৰখা বিষয়ক লৈ কেন্দ্রীয় চৰকাৰক উচ্চতম ন্যায়ালয়ৰ জবাবদিহি