গোৱালপাৰা জিলাত চলা উচ্ছেদ অভিযানৰ সময়ত নীতি-নির্দেশনা উলংঘা কৰাৰ অভিযোগত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে সন্মত হৈছে। মুখ্য ন্যায়াধীশ বি আৰ গাৱাই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ দ্বাৰা গঠিত বিচাৰপীঠে কালি অসমৰ মুখ্য সচিব আৰু অন্যান্য জড়িতসকললৈ দুসপ্তাহৰ ভিতৰতে উত্তৰ দিবলৈ জাননী জাৰি কৰিছে। গোৱালপাৰাৰ ৮ জন আবেদনকাৰীয়ে জিলাখনত কৰা উচ্ছেদ ব্যক্তিগত শুনানি আৰু আবেদন অথবা ন্যায়িক পর্যালোচনাৰ বাবে পর্যাপ্ত সময় নিদিয়াকৈ কৰা হৈছে বুলি উচ্চতম ন্যায়ালয়ত অভিযোগ দাখিল কৰিছিল। লগতে এই অভিযান এটা সংখ্যালঘু সম্প্রদায়ক লক্ষ্য কৰি কৰা হৈছে বুলি অভিযোগ কৰি আবেদনকাৰীসকলে একে ঠাইতে থকা সংখ্যাগুৰু সম্প্ৰদায়ৰ লোকক এই অভিযানে স্পৰ্শ কৰা নাই বুলি প্ৰকাশ কৰিছে। প্ৰশাসনৰ বৈষম্যমূলক নীতিক এই অভিযানে প্ৰমাণ কৰিছে বুলি আবেদনকাৰীসকলে অধিবক্তা আদিল আহমেদৰ জৰিয়তে অভিযোগ দর্শাইছে। উচ্চতম ন্যায়ালয়ে ২০২৪ চনৰ ১৩ নৱেম্বৰত জাৰি উচ্ছেদ সম্পৰ্কীয় ৰাষ্ট্ৰজোৰা নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰি আবেদনখনত কাৰণ দৰ্শোৱাৰ জাননী অবিহনে উচ্ছেদ বাৰণ আৰু ভুক্তভোগীক ১৫ দিনৰ উত্তৰ দিয়াৰ সময়সীমা দিবলৈ ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনাও ৰাজ্য চৰকাৰে উলংঘা কৰা বুলি অভিযোগ কৰা হৈছে
Site Admin | July 25, 2025 12:31 PM | sc on goalpara evictions
গোৱালপাৰাত উচ্ছেদ অভিযানৰ সময়ত নীতি-নির্দেশনা উলংঘাৰ অভিযোগত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয় সন্মত
