ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 13, 2024 6:17 PM | SBI | workshop

printer

চিৰাং জিলাৰ কাজল গাঁৱত ভাৰতীয় ষ্টেট বেংকৰ অধীনত গ্রামীণ স্বনিয়োজন প্রশিক্ষণ প্রতিষ্ঠানৰ উদ্যোগত প্ৰশিক্ষণ শিবিৰ

চিৰাং জিলাৰ কাজল গাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ অধীনত গ্রামীণ স্বনিয়োজন প্রশিক্ষণ প্রতিষ্ঠানৰ উদ্যোগত চলি থকা চিলাই প্ৰশিক্ষণ শিবিৰত আজি চিৰাং জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰবন্ধক বিক্ৰম কলিতা উপস্থিত হয়। যোৱা ৬ জুনৰ পৰা আৰম্ভ হোৱা এমহীয়া চিলাই প্ৰশিক্ষণ পৰিদৰ্শন কৰি প্ৰবন্ধক কলিতাই প্রশিক্ষার্থীসকলে কিদৰে সুবিধা লাভ কৰিব আৰু ভৱিষ্যতে কিদৰে ব্যৱসায় ভিত্তিত কাম আৰম্ভ কৰিব সেই বিষয়ে আলোচনা কৰে। এই প্ৰশিক্ষণত চিৰাঙৰ ৩৫ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছে।