June 10, 2025 12:40 PM | satra ayog

printer

অসম সত্রভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ চূড়ান্ত প্রতিবেদন দাখিল

অসম সত্রভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে বিস্তৃত ক্ষেত্রভিত্তিক পর্যবেক্ষণৰ দ্বাৰা প্ৰস্তুত কৰা চূড়ান্ত প্রতিবেদন কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক দাখিল কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত সমিতিখনে এই প্রতিবেদন আনুষ্ঠানিকভাৱে দাখিল কৰে। প্ৰতিবেদন গ্রহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কালিৰ দিনটোত অসমৰ জাতীয় স্বাভিমান সুৰক্ষাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। এই পদক্ষেপৰ সৈতে জড়িত অসম সত্র আয়োগৰ অধ্যক্ষ, ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকা, আয়োগৰ সদস্যদ্বয় বিধায়ক মৃণাল শ‍ইকীয়া, ৰূপক শৰ্মাৰ উপৰি সমূহ বিষয়া-কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে।

       সত্ৰসমূহক অসমৰ জাতীয় জীৱনৰ স্পন্দন বুলি অভিহিত কৰি ৰাজ্যৰ সত্ৰসমূহৰ সন্মুখত প্ৰত্যাহ্বান আহি পৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয়, যে বৰপেটা, পাটবাউসীকে ধৰি কেইখনমান সত্ৰৰ উন্নয়নৰ বাবে চৰকাৰে পদক্ষেপ লৈছে। অৱশ্যে ৯২২ খন সত্ৰলৈ পৰিৱৰ্তন অনাটো সহজ কাম নহয় আৰু ইয়াৰ বাবে সামাজিক আৰু ৰাজনৈতিক সহযোগিতাৰ প্ৰয়োজন আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণাংগ সত্ৰ আয়োগ গঠন কৰি সত্ৰসমূহলৈ আইনগত আৰু আৰ্থিক সহযোগিতা প্ৰদানৰ পৰিকল্পনা লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে প্ৰতিখন সত্ৰৰ সৈতে বৈঠক অনুষ্ঠিত কৰি ২৫ বছৰীয়া পৰিকল্পনা গ্ৰহণ কৰা হ’ব। কালিৰ অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, বিমল বৰা, অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ অধ্যক্ষ প্রদীপ হাজৰিকা প্ৰমুখ্যে সদস্যসকল আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।