ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এতিয়াৰে পৰা চৰকাৰীভাৱে প্ৰতি বছৰে ২০ আগষ্টত চতিয়া দিৱস পালন কৰা হ‘ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তদুপৰি চতিয়া থানাক ঐতিহ্যক্ষেত্ৰ আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে ৫ কোটি টকা আগবঢ়োৱাৰ কথাও তেওঁ সদৰী কৰিছে। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ৫ খন জিলালৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কালি প্ৰথম কাৰ্যসূচী হিচাপে ভাৰত ত্যাগ আন্দোলনৰ অনন্য স্মৃতি বহন কৰা ঐতিহাসিক চতিয়া থানা পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ২০ আগষ্টৰ দিনটো চতিয়া দিৱস হিচাপে পালন কৰাৰ পৰম্পৰা ১৯২০ চনৰ পৰা আৰম্ভ হৈছে যদিও এতিয়াৰে পৰা চতিয়াৰ ৰাইজৰ সহযোগত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত চৰকাৰীভাৱে এই দিৱস পালন কৰা হ‘ব। চতিয়া থানা সংৰক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ লোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে, ১৯৪২ চনৰ ২০ আগষ্টত যিসকল ব্যক্তিৰ প্ৰচেষ্টাত পতাকা উত্তোলনৰ কাম সম্ভৱ হৈ উঠিছিল সেই মহান স্বাধীনতা যুঁজাৰুসকলৰ প্ৰতিমূৰ্তিৰ লগতে এখন বৃহৎ উদ্যান নিৰ্মাণ হৈ উঠিলে থানাখনক কেন্দ্ৰ কৰি সমগ্ৰ পৰিসৰটো এখন ঐতিহ্য ক্ষেত্র আৰু পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ হ‘ব। ইয়াৰ বাবে স্থানীয় বিধায়ক পদ্ম হাজৰিকাক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ তেওঁ আহ্বান জনায়। এই প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে প্ৰথম অৱস্থাত ৫ কোটি টকা আগবঢ়াব আৰু প্ৰয়োজনত অধিক পুঁজি যোগান ধৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে।
Site Admin | September 4, 2024 12:11 PM | Satiya divas
প্ৰতি বছৰে ২০ আগষ্টত চতিয়া দিৱস পালন কৰা হ’ব বুলি মুখ্যমন্ত্রীৰ ঘোষণা
