ডাউনলোড
মোবাইল এপ

android apple
signal

May 26, 2025 1:01 PM | Sashi tharur

printer

পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতে নতুন দৃষ্টিভংগী গ্রহণ কৰিছে বুলি শশী থাৰুৰ মন্তব্য

পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতে নতুন দৃষ্টিভংগী গ্রহণ কৰিছে আৰু এনেধৰণৰ ঘৃণনীয় কার্যকলাপত জড়িত থকা সকলক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব বুলি কংগ্ৰেছ সাংসদ শশী থাৰুৰে মন্তব্য কৰিছে। পাকিস্তানৰ কোনো সন্ত্রাসবাদীয়ে সীমান্ত পাৰ হৈ আমাৰ দেশৰ জনসাধাৰণক নিৰ্বিচাৰে হত্যা কৰাৰ কথা চিন্তাও কৰিব নোৱাৰিব বুলি তেওঁ সকীয়াই দিয়ে। তেওঁ কয়, যে সন্ত্রাসবাদীসকলে এনে আক্ৰমণৰ সঠিক মূল্য ভৰিব লাগিব। আমেৰিকাৰ নিউয়ৰ্কত কালি এটা অনুষ্ঠানত শ্ৰীথাৰুৰে এই বুলি মন্তব্য কৰে।
       বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা নীতিৰ বিষয়ে স্থিতি স্পষ্ট কৰাৰ বাবে বহুদলীয় প্রতিনিধি দলসমূহে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। সামাজিক মাধ্যমৰ এটা পোষ্টত ড° জয়শংকৰে কয়, যে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা ঘোষণা কৰাৰ বাবে ভাৰত ঐক্যবদ্ধভাৱে থিয় দি আছে।

বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডা নেতৃত্বাধীন বহুদলীয় প্রতিনিধি দলটোৱে কালি বাহৰেইনৰ উপ- প্রধানমন্ত্রী শ্বেখ খালিদ বিন অব্দুল্লা অল খালিফাক সাক্ষাৎ কৰি ভাৰতে সন্মুখীন হৈ অহা সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদী আক্রমণ তথা এই আক্রমণ প্রতিহত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়ে তেওঁক অৱগত কৰে।

ইপিনে এন চি পিৰ সাংসদ সুপ্রিয়া ছুলে নেতৃত্বাধীন আন এটা বহুদলীয় প্রতিনিধিৰ দলে কালি কাটাৰৰ আগশাৰীৰ সংবাদ পত্ৰসমূহৰ সম্পাদকৰ দলৰ সৈতে মত বিনিময় কৰে। এই মত বিনিময়ৰ সময়ত প্রতিনিধিসকলে পেহেলগাম আক্ৰমণৰ পাছত সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰে। দলটোৱে লগতে গোলকীয় বিষয় সন্দৰ্ভত মধ্যপ্রাচ্য পৰিষদৰ সৈতেও আলোচনাত মিলিত হৈ সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতাৰ স্থিতিৰ বিষয়ে আলোচনা কৰে।

কালি আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে অপাৰেচন সিন্দূৰ কেৱল এটা সামৰিক অভিযানেই নহয় বৰং ই হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সাহস, শক্তি তথা সংকল্পৰ প্ৰতীক। শ্রীমোদীয়ে অপাৰেচন সিন্দূৰৰ সময়ত দেশৰ সশস্ত্র বাহিনীয়ে প্ৰদৰ্শন কৰা সাহস তথা বীৰত্বৰ শলাগ লয়।

অধিক পঢ়ক

সকলো চাওক