ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 1, 2025 11:53 AM | cm sarusajai

printer

সৰুসজাইত তিনিটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

দ্বিতীয় এডভান্টেজ আছামত স্বাক্ষৰিত বুজাবুজি চুক্তিক বাস্তবায়িতকৰণৰ দিশত শক্তিশালী পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সৰুসজাইত তিনিটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যত বিশ্বমানৰ স্বাস্থ্য আৰু আতিথ্যখণ্ডৰ আন্তঃগাঁথনিৰ দিশত বিশেষভাবে গুরুত্বপূর্ণ এই প্রকল্পকেইটা হৈছে গ্লোবেল হেল্থ লিমিটেডৰ মেডান্টা ছুপাৰ স্পেছিয়েলিটি হাস্পতাল, আৰ জে কর্প হেল্থ কেয়াৰৰ ক’ক’ন মাদাৰ এণ্ড চাইল্ড কেয়াৰ হাস্পতাল আৰু লেমন ট্রি প্রিমিয়াৰ পঞ্চতাৰকা হোটেল। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কালিৰ দিনটোক ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ দিশত উল্লেখনীয় দিন বুলি অভিহিত কৰে। যোৱা ফেব্ৰুৱাৰীত অনুষ্ঠিত এডভান্টেজ আছামৰ আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনত স্বাক্ষৰিত চুক্তি অনুসৰি প্ৰায় ৮০০ কোটি টকা বিনিয়োগেৰে সৰুসজাইত এই প্রকল্প তিনিটা স্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।

ড° শৰ্মাই স্বাস্থ্য আৰু আতিথ্য খণ্ডত বিনিয়োগেৰে অসমৰ বিকাশৰ দিশত আগবঢ়োৱা সহযোগিতাৰ বাবে আটাইকেইটা গ্ৰুপৰ অধ্যক্ষসকলক অসমবাসীৰ হৈ ধন্যবাদ জনায়।