অপেচাদাৰী নাট্যগোষ্ঠী মঞ্চ সৰুপেটাৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট সমাৰোহৰ আজি দ্বিতীয় দিনা বিহাৰ আৰু পশ্চিমবংগৰ নাট্যগোষ্ঠীয়ে নাটক মঞ্চস্থ কৰে। কালিৰে পৰা অনুষ্ঠিত এই নাট সমাৰোহ ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে উদ্বোধন কৰে। মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু ভবানীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ মনোৰঞ্জন দাসৰ লগতে অনান্য ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই সমাৰোহত উপস্থিত থাকে। অসমৰ লোকসংস্কৃতিক প্ৰতিফলিত কৰি সৰুপেটাৰ স্থানীয় শিল্পীসকলে এই সমাৰোহত শংকৰ গুৰু আমাৰে শীৰ্ষক এখন নাটক মঞ্চায়ন কৰে।
Site Admin | February 8, 2025 8:45 PM | sarupeta national drama
সৰুপেটাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট সমাৰোহত বিহাৰ আৰু পশ্চিমবংগৰ নাট্যগোষ্ঠীৰ নাট মঞ্চস্থ