কেৰালাৰ কোচিৰ ৱাটাৰ মেট্ৰ’ৰ আর্হিত অসমৰ গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় চহৰক সংযোগ কৰি নগৰীয়া জলপথ কেন্দ্র হিচাপে গঢ়ি তোলা ক্রুজ জেটি চলোৱাৰ বাবে বিশেষ উদ্যোগ গ্রহণ কৰা হৈছে। কেৰালাত অনুষ্ঠিত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ তৃতীয় অধিৱেশনত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কালি এই কথা প্রকাশ কৰে।
মন্ত্রী সোণোৱালে কয়, যে নদী জলপথেৰে আঞ্চলিক যোগাযোগ বৃদ্ধিৰ লগতে জীৱিকাৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ উদ্যোশ্যে এই উদ্যোগ গ্ৰহণ কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলত জলপথৰ বিকাশৰ বাবে ৫০০ কোটিৰো অধিক টকা বিনিয়োগ কৰি ৮৫ টা জেটিৰ বিকাশ কৰিব বুলিও তেওঁ প্রকাশ কৰে। এই প্রকল্পসমূহে ৰাজ্যৰ আন্তদেশীয় জলপথ পৰিকাঠামোক যথেষ্ট শক্তিশালী কৰি তোলাৰ লগতে নদী ক্রুজ পর্যটনক উৎসাহিত কৰিব বুলি মন্ত্রী সোণোৱালে প্রকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এই পদক্ষেপ সমূহে ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি বাণিজ্য, নিয়োগ আৰু দীর্ঘম্যাদী বিকাশৰ নতুন সংযোগ সৃষ্টি কৰিব। তেওঁ এই বৈঠকত ১৫০০ কোটি টকাৰো অধিক মূল্যৰ প্রকল্প ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাত গুৰুত্ব আৰোপ কৰি কয়, যে এই পদক্ষেপে সেউজ গতিশীলতা ত্বৰান্বিত কৰাৰ লগতে মাল্টিমডেল লজিষ্টিক শক্তিশালী কৰা আৰু নদী নিৰ্ভৰ অৰ্থনৈতিক বিকাশক প্ৰসাৰিত কৰাৰ লক্ষ্য ৰাখিছে।