ৰঙিয়াত প্রাক্তন মন্ত্রী থানেশ্বৰ বড়োলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল শ্ৰদ্ধাঞ্জলি

কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্রয়াত প্রাক্তন মন্ত্রী থানেশ্বৰ বড়োৰ ৰঙিয়াৰ গৰকাৰ বাসভৱনত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰয়াত বড়োৰ ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। পাছত সংবাদ মাধ্যমৰ সৈতে মতবিনিময়ত শ্রীসোণোৱালে কয় যে, শিক্ষা আৰু ৰাজহ মন্ত্ৰী হিচাপে প্ৰয়াত বড়োৱে সততাৰে যি কাম কৰি গ’ল সেয়া আজিৰ ৰাজনীতিকৰ বাবে অনুকৰণীয়। তেওঁৰ কৰ্মৰাজি জনসাধাৰণৰ মনত সদায় সজীৱ হৈ থাকিব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।