টাই-আহোম জনগোষ্ঠীৰ ঐতিহ্যৰ বিষয়ে দেশৰ বিভিন্ন প্ৰান্তত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত নৱ-প্ৰজন্মই বিশেষ ভূমিকা পালন কৰিব পাৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ টেঙাখাতত আয়োজিত তৃতীয় টাই-জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰি এইদৰে কয়। শ্ৰী সোণোৱালে কয়, যে বর্ণাঢ্য কলা-সংস্কৃতি, খাদ্য, বস্ত্ৰকে ধৰি অন্যান্য সা-সম্ভাৰেৰে উদ্ভাসিত হৈ উঠা এই সাংস্কৃতিক মহোৎসৱে টাই-আহোম জনগোষ্ঠীৰ যুগমীয়া ঐতিহ্য পৰম্পৰাক প্ৰতিফলিত কৰিছে। টাই সকলৰ বর্ণাঢ্য সামাজিক-সাংস্কৃতিক ইতিহাস আছে বুলি মন্তব্য কৰি শ্ৰী সোণোৱালে অনাগত দিনত স্বাভিমানেৰে মূৰ তুলি থিয় হৈ থাকিবলৈ বৃহত্তৰ অসমীয়া জাতিৰ ভেটি ঐক্যবদ্ধভাৱে সুদৃঢ় কৰিব লাগিব বুলি মন্তব্য কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সবকা সাথ, সবকা বিশ্বাস, সবকা প্রয়াস’ নীতিৰ স্বৰ্গদেউ চাও-লুং- চ্যুকাফাৰ সাৰ্বজনীন মানৱীয় নীতিৰ সৈতে সামঞ্জস্য আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত মহাবীৰ লাচিত বৰফুকনৰ পৰাক্ৰমৰ কথা উল্লেখ কৰি মোগলক হেলাৰঙে পৰাভূত কৰা বীৰ পুৰুষগৰাকীৰ আদৰ্শৰে ঐক্যবদ্ধ হৈ জাতিটোক শক্তিশালী কৰি ৰখাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে ৷
Site Admin | January 25, 2025 12:35 PM | sarbananda tai ahom dibrugarh
টাই আহোম জনগোষ্ঠীৰ ঐতিহ্যৰ বিষয়ে সজাগতা সৃষ্টিত নৱ-প্ৰজন্মই বিশেষ ভূমিকা পালন কৰিব পাৰেঃ সৰ্বানন্দ সোণোৱাল