ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মুম্বাইত বিভিন্ন সংস্থাৰ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰ্যালোচনা বৈঠক

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মুম্বাইত বিভিন্ন সংস্থাৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ সামুদ্রিক প্রকল্পসমূহৰ যাৱতীয় দিশৰ বুজ লয় আৰু ব্যৱসায় স্বাভাৱিক হৈ থকাটো নিশ্চিত কৰিবৰ বাবে বিষয়াসকলক নির্দেশ দিয়ে। শ্রীসোণোৱালে লগতে সামগ্ৰী পৰিবহণকাৰী জাহাজৰ নিয়মীয়া চলাচল সুনিশ্চিত কৰাৰ বাবে বিভিন্ন দিশৰ পৰ্যালোচনা কৰে। বৈঠকত ভাৰতৰ জাহাজ পৰিবহণ নিগম, জৱাহৰলাল নেহৰু বন্দৰ প্ৰাধিকৰণ, ভাৰতীয় বন্দৰ, ৰে’ল আৰু ৰোপৱে নিগম লিমিটেড, জাহাজ পৰিবহণৰ সঞ্চালকপ্ৰধান আৰু মুম্বাই বন্দৰ প্ৰাধিকৰণকে ধৰি মন্ত্ৰ্যালয়ৰ অধীনৰ মুখ্য সংস্থাসমূহে অংশগ্ৰহণ কৰে। এই বৈঠকতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুজৰাটৰ লোথালত নির্মীয়মান ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য প্ৰাংগনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।