ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথৰ দ্রুত উন্নয়ন আৰু ৰূপান্তৰৰ বাবে কেন্দ্ৰীয় চৰকাৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছে। গুৱাহাটীৰ সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধীনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা অভিলাষী প্রকল্পসমূহৰ পৰ্যালোচনা কৰি শ্ৰীসোণোৱালে বিগত দুবছৰত অঞ্চলটোত এইক্ষেত্ৰত এহেজাৰ কোটি টকাৰ বিনিয়োগ কৰা হৈছে বুলি জানিবলৈ দিয়ে। ইয়াৰে ৩০০ কোটি টকা প্ৰকল্পৰ কাম ইতিমধ্যে সম্পন্ন হৈছে বুলি অৱগত কৰি মন্ত্ৰীগৰাকীয়ে বাকী থকা ৭০০ কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পৰ কাম ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ অঞ্চলটোৰ জলপথ উন্নয়নত অতিৰিক্ত এহেজাৰ কোটি টকাৰ বিনিয়োগ অচিৰেই কৰা হ’ব বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ অসমত ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি নদী প্রণালীৰে সমৃদ্ধ জলপথসমূহে বাণিজ্য আৰু অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি মন্তব্য কৰে। আভ্যন্তৰীণ জলপথসমূহে সামগ্ৰী আৰু যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত ন্যূনতম ব্যয়ৰে পৰিৱেশ অনুকূল মাধ্যম হিচাপে কাম কৰি আহিছে। জলবাহকৰ দৰে আঁচনিয়ে ৰে’লপথ আৰু স্থলপথৰ ভিৰ হ্ৰাস কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। পৰ্যটনৰ সুবিধাৰ বাবে আৰু কাৰ্গ’ সঞ্চালন বৃদ্ধিৰ বাবে শিলঘাট, বিশ্বনাথ ঘাট, নিমাতী ঘাট আৰু গুইজানত তীৰৰ সুবিধা থকা জেটি নির্মাণৰ লগতে আনুষংগিক সা- সুবিধাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Site Admin | May 20, 2025 12:30 PM | Sarbanada sonowal
আভ্যন্তৰীণ জলপথৰ দ্রুত উন্নয়ন আৰু ৰূপান্তৰৰ বাবে কেন্দ্ৰীয় চৰকাৰ অগ্ৰসৰ হৈছে বুলি সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ
