বিশ্ব ঐতিহ্য সপ্তাহৰ অংশ হিচাপে চৰাইদেউ মৈদামৰ বিভিন্ন দিশ সম্পর্কে বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল কালি বিশ্ব ঐতিহ্য সপ্তাহ উদযাপনৰ অংশ হিচাপে চৰাইদেউ মৈদামত উপস্থিত হৈ প্ৰত্নতত্ত্ব বিভাগৰ বিষয়াসকলৰ পৰা মৈদামৰ বিভিন্ন দিশ সম্পর্কে বুজ লয়। মৈদামক্ষেত্ৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মৈদামথলীৰ চৌহদত থকা স্থায়ী চাও-চি ৰেন গৃহত বন্তি প্ৰজ্বলন কৰাৰ লগতে টাই-মলুং পণ্ডিতৰ মন্ত্ৰোচ্চাৰণৰ মাজতে আহোম স্বৰ্গদেউসকলৰ পূৰ্বপুৰুষক স্মৰণ কৰি শ্রদ্ধা নিবেদন কৰে। শ্ৰী সোণোৱালে চৰাইদেউৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীৰ সৈতে ভ্ৰমণকালত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ উপৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে, চৰাইদেউক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ বাবে নথি-পত্ৰ যুগুত কৰা ড° কে চি ন’ৰিয়েললৈ টাই আহোম যুৱ-ছাত্ৰ পৰিষদে চলিত বৰ্ষৰ লাচিত বৰফুকন বঁটা ঘোষণা কৰিছে।