ডাউনলোড
মোবাইল এপ

android apple
signal

June 14, 2025 8:04 PM | Sarbananda

printer

চাবুৱাৰ বালিজানৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন সর্বানন্দ সোণোৱাল আৰু পিযুষ হাজৰিকাৰ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই আজি চাবুৱাৰ বালিজানৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। বালিজান নৰ্থ চাহ বাগিছা আৰু বগৰীতলীয়াৰ ব্ৰহ্মপুত্ৰ নদীকাষৰীয়া প্ৰা ডেৰ কিলোমিটাৰ এলেকা অতি বিপজ্জনক আৰু আন ৩ কিলোমিটাৰ অঞ্চল বিপজ্জনক হিচাপে চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয়। মন্ত্রী সোণোৱাল আৰু ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই অঞ্চলটো পৰিদৰ্শন কৰি তৎকালীনভাৱে খহনীয়া প্ৰতিৰোধৰ বাবে সংশ্লিষ্ট বিভাগক প্রয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। অঞ্চলটোৰ বহু লোকে মন্ত্ৰী দুগৰাকীক শীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনায়।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ প্ৰথমটো বানত ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত ব্যাপক ৰূপ ধাৰণ কৰাৰ লগতে বহু সা-সম্পত্তি ধ্বংস হৈছে। পৰৱৰ্তী সময়ত বালিজান, বিন্ধাকতা, বগৰীতলিয়া আদি অঞ্চলত খহনীয়াই তীব্ৰ ৰূপধাৰণ কৰি জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে।

অধিক পঢ়ক

সকলো চাওক